নাগালেণ্ডঃ NSCN-IM ঘোষণাৰ পিছত নিৰ্বাচনকেন্দ্ৰীক ভয়-আশংকাত দিন পাৰ কৰিছে নাগালেণ্ডবাসীয়ে৷ কিন্তু নিৰ্বাচনকলৈ পূৰ্বৰ স্থিতি সলনি কৰিছে NSCN-IM-এ৷ বিধানসভা নিৰ্বাচন বহিস্কাৰ কৰিছিল যদিও যদিও জনসাধাৰণক নিৰ্বাচন বহিষ্কাৰ কৰিবলৈ হেঁচা প্ৰয়োগ নকৰাৰ কথা উল্লেখ কৰে। উগ্ৰপন্থী সংগঠনটোৱে এই কথা প্ৰকাশ কৰাৰ পিছতেই নাগালেণ্ডৰ জনসাধৰণ আৰু নিৰ্বাচন আয়োগক সকাহ দিয়ে বুলি জানিব পৰা গৈছে৷
সংগঠনটোৱে এই কথা প্ৰকাশ কৰাৰ পিছতে জনসাধাৰণে সংকামুক্তহৈ ভোটাদান কৰিব পাৰিব৷ নেচনেল চোছেলিষ্ট কাউন্সিল অৱ নাগালেণ্ড নামৰ বিদ্ৰোহী সংগঠনটোৱে নাগালেণ্ডৰ সাৰ্বভৌমত্ব বিচাৰি বিদ্ৰোহ কৰি আহিছে৷ কেন্দ্ৰীয় চৰকাৰ আৰু বিদ্ৰোহী সংগঠনটোৰ মাজত শান্তি আলোচনা চলি আছে যদিও এতিয়া পৃথক নাগালেণ্ডে লাভ নকৰিলেও সংগঠনটোৰ কিছু দাবী মানি লোৱা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে।