চাবুৱাঃ একালৰ বৰ অসমৰ অংগ নগাসকলে আত্ম-নিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে বিগত বছৰ বছৰ ধৰি যিদৰে ৰাষ্ট্ৰৰ বিপক্ষে সংগ্ৰাম কৰি আহিছে৷ কিন্তু এই সংগ্ৰামে অসমত সৃষ্টি কৰিব পাৰে অনাকাংক্ষিত পৰিস্থিতিৰ৷ কিয়নো কেন্দ্ৰীয় চৰকাৰে অন্ধকাৰত ৰাখি সম্পাদনা কৰিছে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট তথা সম্প্ৰতি প্ৰচাৰ মতে তাত অসমৰ স্বাৰ্থৰ কথা জড়িত হৈ পৰিব এয়া স্পষ্ট৷
এই বিষয়টো ক্ৰমান্বয়ে অতি স্পৰ্শকাতৰ হৈ পৰিছে বুলিও ধাৰণা কৰিব পাৰি৷ এই চুক্তিখন সম্পাদন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক সবিশেষ অৱগত নকৰোৱাৰ লগতে জড়িত নকৰাটো দুৰ্ভাগ্যজনক বিষয় বুলি ইতিমধ্য চৰ্চিত হৈছে৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তিত বৃহত্তৰ নাগালিম গঠনৰ কথা মানি লোৱা বুলি NSCN পক্ষই সদৰী কৰিছে সেয়া যদি হয় তেন্তে অসমৰ ভূমি নাগালিমলৈ যোৱাটো খাতাং৷