তিনিচুকীয়া/মাৰ্ঘেৰিটাঃ সন্দেহজনক আলফা স্বাধীন আৰু এনএছচিএনৰ ভয়ংকৰ আক্ৰমণত কপি উঠিল তিনিচুকীয়া জিলাৰ জাগুণ অঞ্চল৷ প্ৰায় ১০ খন তেলৰ টেংকাৰত আক্ৰমণ কৰে সন্দেহজনক আলফা স্বাধীন আৰু এনএছচিএনৰ প্ৰায় ৪০ জনীয়া দলে৷
অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত দলটোৱে চালকক আতৰাই অগ্নিনিক্ষেপ কৰে টেংকাৰ কেইখনত৷ ফলত ১০ খনকৈ টেংকাৰ জ্বলি ভস্মীভূত হয়৷ যাৰ ফলত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত৷ অসম অৰুণাচল সীমান্তত জাগুণত সন্দেহজনক আলফা স্বাধীন আৰু এনএছচিএনে ভয়াবহ আক্ৰমণৰ ঘটনাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে আতংকই বিৰাজ কৰে৷