অভয়াপুৰীঃ কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইয়ে আজি বঙাইগাঁৱত বিশ্ব হিন্দু পৰিষদৰ নেতা প্ৰবীণ টোগাড়িয়াৰ প্ৰতিকৃতি দাহ কৰে৷ বিশ্ব হিন্দু পৰিষদৰ নেতাগৰাকীয়ে ৭০ লাখ অবৈধ মুছলমান বাংলাদেশী থকা বুলি কোৱা কথাষাৰক ওভতি ধৰি প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷

বিশ্ব হিন্দু পৰিষদৰ নেতা প্ৰবীণ টোগাড়িয়াই গুৱাহাটীত এখন সংবাদ মেলযোগে অবৈধ মুছলমান বাংলাদেশী বিতাড়ণ কৰিবলৈ প্ৰয়োজন সাপেক্ষে প্ৰশাসনে সেনাৰ সহায় বিচাৰিব পাৰে বুলি মন্তব্য কৰিছিল৷ ৭০ লাখ মুছলমান বাংলাদেশীক খেদিবলৈ কেৱল সেনা বাহিনীয়েই নহয়, অৰ্ধ সামৰিক বাহিনীৰো প্ৰশাসনে সহায় লোৱা উচিত বুলি মন্তব্য আগবঢ়ােৱাৰ পাছতে ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷

বিশ্ব হিন্দু পৰিষদৰ নেতাগৰাকীয়ে ৭০ লাখ মুছলমান বাংলাদেশী ক'ত আছে দেখুৱাই দিব লাগে বুলি কৈ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী লেংটিছিঙাত বঙাইগাঁও জিলা এন এছ ইউ আইয়ে আজি বিশ্ব হিন্দু পৰিষদৰ নেতাগৰাকীৰ পুত্তলিকা দাহ কৰে৷ সংগঠনটোৱে ২৪ ঘন্টাৰ ভিতৰত টোগাড়িয়াক গ্ৰেপ্তাৰৰো দাবী জনায়৷