63
অভয়াপুৰীঃ বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ সমীপৱৰ্ত্তী কুশবাৰীত পথ নিৰ্মাণৰ দাবীত আজি দিনৰ ১ বজাত এন এছ ইউ আইৰ উদ্যোগত ৰাইজে পানীত নামি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰাপ্ত তথ্য মতে টাপাট্ৰাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত মেৰেৰচৰ গাঁও পঞ্চায়তৰ অধীনস্থ কুশবাৰীৰ প্ৰথম খণ্ডৰ এটি পথৰ শোচনীয় অৱস্থাৰ বাবে গাওঁখনৰ ৰাইজে জীয়াতু ভুগিব লগা হৈছে।