নুমলীগড়ঃ নুমলীগড়ত শনিবাৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত দুটি শিশু নিহত হোৱাৰ লগতে আন দহটি শিশু আহত হয়৷ 

আহতসকলৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে৷

এজন লোকে নতুনকৈ লোৱা টাটা ইণ্ডিকা এখনত ১০-১২ জন শিশু উঠাই ফুৰাবলৈ লৈ গৈছিল৷ সেই সময়তে ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়৷