গুৱাহাটীঃ অধ্যাপক ড০ জগদীশ মুখীয়ে মঙলবাৰে অসমৰ ৰাজ্যপাল হিচাপে শপত লয়৷ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প্ৰাক্তন উপ-ৰাজ্যপাল মুখীয়ে মঙলবাৰে মহানগৰীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসমৰ ৰাজ্যপাল হিচাপে শপত বাক্য পাঠ কৰোৱায় গুৱাহাটী উচ্চ ন্যায়লয়ৰ মুখ্য ন্যায়ধীশ অজিত সিঙে৷ মঙলবাৰে পুৱা আড়ম্বৰপুৰ্ণ অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যপাল হিচাপে শপত লোৱা বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সহ মন্ত্ৰী-বিধায়কৰ লগতে ৰাজ্য প্ৰশাসনৰ কেইবাগৰাকী বিষয়াৰ লগতে চৰকাৰৰ প্ৰতিনিধি উপস্থিত থাকে৷
মুখ্যম্ন্ত্ৰী সৰ্বান্নদ সোণোৱালে নতুন ৰাজ্যপালগৰাকীক ফুলৰ থোপাৰে সম্ভাষণ যাচে৷ আনাহতে মুখীয়ে শপত গ্ৰহণৰ পিছতে মা কামাখ্যাৰ আশীৰ্বাদ লবলৈ উপস্থিত হয় কামাখ্যা মন্দিৰত৷ স্মৰ্তব্য যে, জগদীশ মুখী ৰাজনীতিবিদ হোৱাৰ লগতে ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সক্ৰিয় কৰ্মী আছিল। ১৯৭০ চনত সমাজ সেৱিকা আৰু মহিলা জাগৃতি সংঘৰ সদস্যা প্ৰেম গ্ৰভাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।