Home ৰাজ্যউচটনিমূলক মন্তব্য বিটিচি বেংগলী যু: ছা: ফেডাৰেশ্বনৰ নেতাৰ

উচটনিমূলক মন্তব্য বিটিচি বেংগলী যু: ছা: ফেডাৰেশ্বনৰ নেতাৰ

by News Desk
56 views
A+A-
Reset

ওদালগুৰিঃ কালি ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত ঘাগ্ৰা-উলুবাৰী গাঁৱত সংঘটিত কাৰ্যৰ বিৰুদ্ধে আজি জাঙুৰ খাই উঠে সদৌ অসম ছাত্ৰ সন্থা, চমুকৈ আছুৰ ওদালগুৰি আঞ্চলিক সমিতি। উল্লেখযোগ্য যে শনিবাৰে এন‌ আৰ চি কৰ্তৃপক্ষৰপৰা ডি ভোটাৰৰ জাননী লাভ কৰি উক্ত গাঁৱৰ দীপক দেৱনাথ (৪৯) নামৰ লোকজনে নিজৰ গৃহ চৌহদত থকা এজোপা গছত চিপজৰী লৈ আত্মহত্যা কৰে। লগে লগে অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। লোকজনৰ মৃত্যুৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ মূখ্য উপদেষ্টা শ্যামল সৰকাৰ, সভাপতি সুজিৎ সৰকাৰৰ লগতে এটা সজাতি দল। ইয়াৰ পাছত একাংশ ৰাইজৰ সহযোগত সংগঠনটোৱে দীপক দেৱনাথৰ মৃতদেহ লৈ উলুবাৰী-ঘাগ্ৰা পথ অৱৰোধ কৰে। উক্ত কাৰ্যসূচীৰ মাজত সুজিৎ সৰকাৰে সংবাদ মাধ্যমৰ আগত আলোচনাপন্থী আলফা নেতাক উদ্দেশ্য কৰি মন্তব্য প্ৰকাশ কৰিছিল যে ‘আপোনালোকৰ হাতত যেনেকৈ এতিয়া অস্ত্ৰ আছে, আমাৰ গাতো এতিয়া শক্তি আছে। আমাৰ গাত সুভাষ বসু, খুদিৰাম বসুৰ দৰে লোকৰ তেজ আছে। আমিও মানুহ মাৰিব জানো। আমিও চাই লম।’ ইমানতে ক্ষান্ত নাথাকি তেওঁ কয় যে ‘দৰকাৰ হ’লে আমি আপোনালোকৰ ঘৰত সোমাই গৈ মাৰিম। বিগত দিনৰ ইতিহাস আমি পাহৰি গৈছোঁ, আমিও নতুন ইতিহাস ৰচনা কৰিম’ বুলি একপ্ৰকাৰ অসমীয়া জাতিক ভাবুকি প্ৰদান কৰিছিল। নেতাজনৰ উক্ত সাম্প্ৰদায়িক মন্তব্যৰ পাছতে আজি জাঙুৰ খাই উঠিছে আছুৰ ওদালগুৰি আঞ্চলিক সমিতি। সংগঠনটোৱে আজি দুয়োজন নেতাৰ বিৰুদ্ধে ওদালগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক ক্ৰমে অভিজিৎ এছ কাশ্যপ আৰু ৰাজদ্বীপ দাস স্বাক্ষৰিত আছুৰ পেডত লিখা এজাহাৰখনত সংগঠনটোৱে উল্লেখ কৰি কয় যে এনে ধৰণৰ মন্তব্য‌ই সাম্প্ৰদায়িক সংঘৰ্ষৰ উচতনি যোগাব। এনে মন্তব্য‌ই সমাজত বিষবাষ্প যোগোৱাত উদগনি যোগাব। গতিকে এনে ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ মূখ্য উপদেষ্টা শ্যামল সৰকাৰ, সভাপতি সুজিৎ সৰকাৰক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে জে’ল হাজোতলৈ প্ৰেৰণ কৰিব লাগে। লগতে অনাগত দিনত সকলো পক্ষকে এনে ধৰণৰ মন্তব্য কৰাৰপৰা বিৰত থাকিবলৈ সংগঠনটোৱে সকীয়নি প্ৰদান কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0