অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ ‘বহুদিন দেখা নাই মোৰ সৰু বোপাইক। প্ৰায় দুমাহে খবৰ নাই মোৰ তাৰ। ক’ত আছে সি? পূজাৰ বতৰত এজোৰ কাপোৰ দিবলৈ অনুৰোধ জনোৱা বোপাই আজি দুমাহে অহা নাই ঘৰলৈ। শুনিছোঁ সি হেনো আলফাত যোগদান কৰিছে। কিন্তু কোনেও নিশ্চিতকৈ ক’ব পৰা নাই সেই কথা। গতিকে আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাই স্পষ্ট কৰক৷ মোৰ সৰু বোপাইক সোঁশৰীৰেৰে মোৰ বুকুৰ মাজলৈ ঘূৰাই পঠিয়াওক।’ কান্দি কান্দি আলফা সেনাধ্যক্ষ পৰেশ বৰুৱালৈ এই আহ্বান নিৰুদ্দিষ্ট জয়ন্ত ডেকাৰ অসহায় মাতৃৰ।
উল্লেখ্য যে ওদালগুৰি সদৰৰপৰা প্ৰায় ২১ কিল’মিটাৰ দূৰৈৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত আমলাইগুৰি গাঁৱৰ বাসিন্দা প্ৰদীপ ডেকা আৰু গীতা ডেকাৰ কণিষ্ঠ পুত্ৰ জয়ন্ত ডেকা (২২) বিগত ১৯ ছেপ্টেম্বৰৰপৰা নিৰুদ্দেশ হৈ আছে।