64
ওদালগুৰিঃ আগন্তুক ৮ জানুৱাৰীৰ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ।
ভৈৰৱকুণ্ড পৰ্যটন আৱাস চৌহদত প্ৰায় ৫০ লক্ষাধিক টকা ব্যয়সাপেক্ষে অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱটোক সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে প্ৰস্তুতিৰ বুজ লৈ দেওবাৰে বিয়লি এক সংবাদমেল অনুষ্ঠিত কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মহোৎসৱখনৰ উদযাপন সমিতিৰ সভাপতি ৰিহন দৈমাৰীয়ে।