♦ ৯ মাৰ্চত ঘোষণা কৰা হ’ব বি পি এফৰ প্ৰাৰ্থীৰ নাম
ওদালগুৰিঃ ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ মৃতপ্ৰয় হাইড্ৰ’ইলেক্ট্ৰিক প্ৰকল্প অৱশেষত ব্যক্তিগত খণ্ডক অৰ্পণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে বি টি চি প্ৰশাসনে।
মঙলবাৰে ওদালগুৰিত এই কথা ঘোষণা কৰে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। বিগত ২ মাৰ্চত ওদালগুৰিত নাগৰিক সভাৰ লগতে কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত আজি পুনৰ ওদালগুৰিত উপস্থিত হয়হি বি টি চি প্ৰধান মহিলাৰী।
পুৱা দহ বজাত বি টি চি প্ৰধানগৰাকীয়ে ওদালগুৰিত উপস্থিত হৈ প্ৰথমে জিলা আৰক্ষী অধীক্ষকৰ নৱনিৰ্মিত কাৰ্যালয় ভৱন মুকলি কৰাৰ পাছতে ওদালগুৰি গড়কাপ্তানী বিভাগৰ কাৰ্যালয় ভৱন আৰু ওদালগুৰি জিলাৰ চৰকাৰী কাৰ্যালয়সমুহৰ কেন্দ্ৰীয় ভৱন (district center)ৰ আধাৰশিলা স্থাপন কৰে।
উক্ত কাৰ্যালয় ভৱনটোৰ আধাৰশিলা স্থাপন কৰি ৰাইজক উদ্দেশ্যি দিয়া ভাষণ প্ৰসংগত ওদালগুৰিৰ লগতে সমগ্ৰ বি টি চিকে উন্নয়ণৰ ক্ষেত্ৰত দ্ৰুতগতিৰে আগবঢ়াই নিয়াৰ কথা ঘোষণা কৰে। পূৰ্বৰ তুলনাত সম্প্ৰতি বি টি চি অঞ্চলত শান্তি-সম্প্ৰতি অটুত থকাৰ কথা উল্লেখ কৰি বি টি চিত বিনিয়োগৰ বাবে বহিৰাগত প্ৰতিষ্ঠানে ইচ্ছা প্ৰকাশ কৰা বুলি তেওঁ সভাত সদৰি কৰে।
আনহাতে সুদীৰ্ঘ বছৰ ধৰি মৃতপ্ৰায় অৱস্থাত থকা ভৈৰৱকুণ্ড হাইড্ৰ’ইলেকট্ৰিক প্ৰকল্পটো পুনৰ সক্ৰিয় কৰাৰ স্বাৰ্থত বহিৰাগত খণ্ডৰ প্ৰতিষ্ঠানৰ হাতলৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা বুলি বি টি চি প্ৰধান মহিলাৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।
ইপিনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বি পি এফে প্ৰাৰ্থীৰ নাম আগন্তুক ৯ মাৰ্চত ঘোষণা কৰিব বুলি মহিলাৰীয়ে মন্তব্য কৰে। প্ৰাৰ্থী কোন হ’ব সেই সন্দৰ্ভত মহিলাৰীয়ে মুখ খোলাৰপৰা বিৰত থাকে যদিও কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰবীন বড়োক বি পি এফে প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে।