♦ অসম চৰকাৰৰ ২০ লাখ, বিটিচি প্ৰশাসনৰ ৫ লাখ টকাৰ সাহায্য প্ৰদান
অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ পহিলা ব'হাগৰ পুৱাই ঝাৰখণ্ডত সন্ত্ৰাস-বিৰোধী এক অভিযানত মাওবাদীৰ হাতত শ্বহীদ হোৱা ওদালগুৰি জিলাৰ কলাইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত পুঠিমাৰী গাঁৱৰ শ্বহীদ বিশ্বজিৎ চৌহানৰ শুকুৰবাৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায়।
শ্বহীদগৰাকীৰ নিজা বাসগৃহৰ সন্মুখতে আয়োজিত এই স্মৃতিচাৰণ সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দিনৰ প্ৰায় ১.১৫ বজাত সভাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে শ্বহীদ বিশ্বজিৎ চৌহানৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে মঞ্চত প্ৰৱেশ কৰাৰ লগে লগে বিভিন্ন দল-সংগঠনে তেওঁ সম্বৰ্দ্ধনা জ্ঞাপন কৰে। বিটিচি অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে আঁত ধৰা সভাখনত নিজৰ ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বহীদগৰাকীৰ প্ৰতি প্ৰণাম জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমাবেদনা জ্ঞাপন কৰি শ্বহীদৰ পিতৃ কমল চৌহানক এখন ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায়।
নিজ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিপক্ষ শত্ৰুক নিজৰ অস্ত্ৰৰে ধাৰাসায়ী কৰি শ্বহীদ হোৱা বিশ্বজিৎ চৌহানে অসমীয়া জাতি আৰু ভাৰতৰ জনতাক গৌৰৱাম্বিত কৰিলে। তেওঁৰ এই মহান ত্যাগ আমাৰ বৰ্তমানৰ সমাজখনৰ বাবে আদৰ্শ হৈ ৰ’ব।
শ্বহীদ বিশ্বজিৎ চৌহানৰ এই মহান ত্যাগ অথলে নাযায় বুলি উল্লেখ কৰি এই ত্যাগক অনুসৰণ কৰি যাবলৈ সকলোকে আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে। শ্বহীদগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হোৱা সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰি সোণোৱালে কয় যে মানৱ সমাজ শক্তিশালী কৰাৰ যাত্ৰাত বিভিন্ন সময়ত বিভিন্ন গৰাকী মহান লোকৰ কষ্ট আৰু ত্যাগে বৰঙণি যোগাই আহিছে। সেইসকল মহান বীৰৰ ভিতৰত অন্যতম হিচাপে বিশ্বজিৎ চৌহানৰ নাম ইতিহাসৰ পাতত সন্নিৱিষ্ট হৈ থকাৰ লগতে আগন্তুক নতুন প্ৰজন্মৰ বাবে দেশৰ বাবে ই আদৰ্শ হৈ ৰ’ব।
ইফালে মঞ্চত উপৱিষ্ট শ্বহীদ বিশ্বজিৎ চৌহানৰ পিতৃ কমল চৌহানক নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰণিপাত জনাই কয় যে এগৰাকী বীৰৰ পিতৃ হিচাপে তেওঁক সকলোৱে শ্ৰদ্ধা জ্ঞাপন কৰিব। নিজ দেশমাতৃক ৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদানতকৈ উচ্চ ত্যাগ আৰু একো হ’ব নোৱাৰে বুলিও নিজৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত মূখ্যমন্ত্ৰীগৰাকীয়ে শ্বহীদগৰাকীৰ পৰিয়ালটোলৈ এককালীন নগদ ২০ লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা জানিবলৈ দিয়ে। অনুষ্ঠানতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ হৈ অংশগ্ৰহণ কৰি বিটিচিৰ ফালৰপৰা আগবঢ়োৱা পাঁচ লাখ টকাৰ এখন চেক শ্বহীদগৰাকীৰ পিতৃৰ হাতত প্ৰদান কৰে বিটিচিৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰীয়ে।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ মাজতে স্মৰণিকা উন্মোচন কৰে কেৱিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত মংগলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, পানেৰীৰ বিধায়িকা কমলী বসুমতাৰী, কলাইগাঁও সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো, ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘালকে ধৰি কেইবাজনো বিশিষ্ট লোকে অংশগ্ৰহণ কৰি শ্বহীদ গৰাকীৰ ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি ভাষণ প্ৰদান কৰে।
ইয়াৰ উপৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ওদালগুৰি জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ দাস, আৰক্ষী অধীক্ষক লংণিত তেৰাং আৰু চিআৰপিএফৰ শীৰ্ষ বিষয়া উপস্থিত থাকি শ্বহীদ গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। পুঠিমাৰীৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমবেত হৈ শ্বহীদগৰাকীৰ প্ৰতি শ্ৰদ্ধা কৰে।