Home ৰাজ্যওদালগুৰিত পথাচাৰীক মহতিয়ালে আৰক্ষীয়ে,বাহনত সুৰা উদ্ধাৰ

ওদালগুৰিত পথাচাৰীক মহতিয়ালে আৰক্ষীয়ে,বাহনত সুৰা উদ্ধাৰ

by News Desk
54 views
A+A-
Reset

ওদালগুৰি ৬ নবেম্বৰঃ দিপাৱলীৰ আনন্দ উৎসাহৰ মাজতে আজি মঙলবাৰে সন্ধিয়া ওদালগুৰি চহৰত সংঘটিত হয় এক মটৰ চাইকেল দুৰ্ঘটনা। দিপাৱলী বুলি পথেৰে গৈ থকা এগৰাকী যুৱতীক মিচন ৰোডত মহতিয়ালে নম্বৰপ্লেট বিহীন পালচাৰ মটৰ চাইকেলত অহা আৰক্ষীৰ লোকে। ফলত ঘটনাস্থলীতে যুৱতীগৰাকী আহত হৈ ঢলি পৰে। ততাতয়াকৈ স্থানীয় ৰাইজৰ তৎপৰতাত যুৱতী গৰাকীক ওদালগুৰি অসামৰিক  চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। 

ইফালে ঘটনাস্থলীত উপস্থিত হোৱা লোকে বাহনখন পৰীক্ষা কৰাত বাহনখনৰ পৰা উদ্ধাৰ হয় সুৰাৰ বটল। ইয়াৰ পাছত পৰিস্থিতি উত্তাল হৈ পৰে। স্থানীয় লোকে মটৰচাইকেল আৰোহী আৰক্ষীৰ লোকজনক উত্তম মধ্যম দিয়ে যদিও একাংশ লোকৰ তৎপৰতাত আৰক্ষীৰ লোকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ইফালে আহত যুৱতীৰ পৰিয়ালে আৰক্ষীৰ কাষ চপা বুলি জানিব পৰা গৈছে। দিপাৱলীৰ সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে থকা আৰক্ষীৰ লোকৰ বাহনত সুৰা উদ্ধাৰ হোৱা ঘটনাই স্বাভাৱিকতে নিৰাপত্তাৰ ফোপোলাস্বৰূপটো উদঙাই দিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0