ওদালগুৰিঃ ‘হাগ্ৰামাই পৃথক বড়োলেণ্ড ৰাজ্যক লৈ বড়ো আৰু অবড়ো লোকৰ মাজত বিভাজন ঘটাই ৰাজনীতিৰ সৃষ্টি কৰিছে। কেৱল মাত্ৰ অনাবড়ো ভোটাৰৰ ভোট লাভৰ স্বাৰ্থত বৰ্তমান নিৰ্বাচনী সভা-সমিতিত বড়োলেণ্ড গঠন হোৱাটো অসম্ভৱ বুলি কৈ ফুৰিছে। এসময়ত পৃথক বড়ো ৰাজ্যৰ দাবীৰে সশস্ত্ৰ সংগ্ৰাম কৰি বৰ্তমান বিটিচি প্ৰধান হোৱা হাগ্ৰামাই এতিয়া পৃথক বড়োৰাজ্য গঠন হোৱাটো অসম্ভৱ বুলি কোৱা ভাষ্য কোনেও গ্ৰহণ নকৰে। তেওঁ বিটিচি অঞ্চলৰ বড়ো আৰু অনাবড়োসকলক পৃথক পৃথক কৰি বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে।’ এই মন্তব্য নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ কেন্দ্ৰীয় সভাপতি প্ৰমোদ বড়োৰ।
ছাত্ৰ সংগঠনটোৰ ওদালগুৰি আঞ্চলিক সমিতিৰ সোণালী জয়ন্তী উদযাপন তথা ৪৮ সংখ্যক বাৰ্ষিক অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি সাংবাদিকৰ আগত এই ভাষ্য প্ৰদান কৰে এবছুৰ সভাপতিগৰাকীয়ে। লগতে তেওঁ সংগঠনটোৰ আঞ্চলিক সমিতিখনৰ বৰ্তমানৰ আৰু প্ৰাক্তন বিষয়-ববীয়াসকলক সোণালী জয়ন্তী বৰ্ষত উপনীত হোৱা বাবে শুভেচ্ছা জ্ঞাপন কৰে। এবছু বৰ্তমান কেৱল এটা ছাত্ৰ সংগঠনতে সীমাবদ্ধ নহৈ ই এক দৰ্শনলৈ ৰূপান্তৰ হোৱা বুলি উল্লেখ কৰি বড়োৱে কয় যে এবছুৱে এতিয়া বড়ো জনগোষ্ঠীতোৰ সৰ্বাংগীন বিকাশৰ ক্ষত্ৰতো গুৰি ধৰিছে।