♦ যোগ, আয়ুৰ্বেদ চিকিৎসা আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন
ওদালগুৰিঃ সুদীৰ্ঘ ২৮ বছৰ পাছত নিজৰ প্ৰথম কৰ্মভূমি ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত উপস্থিত হৈ নষ্টালজিক হৈ পৰে যোগগুৰু বাবা ৰামদেৱ। ঊনৈশ শতিকাৰ নব্বৈ দশকৰ প্ৰথমছোৱাত উত্তৰ-পূৰ্ৱাঞ্চল ভ্ৰমণলৈ অহা যোগগুৰু ৰামদেৱে প্ৰথমে সেই সময়ৰ অবিভক্ত দৰং আৰু বৰ্তমানৰ ওদালগুৰি জিলাৰ বান্দৰগুৰি গাঁৱত যোগ শিৱিৰ অনুষ্ঠিত কৰি সেই সময়তে জিলাখনৰ ভৈৰৱকুণ্ডলৈ গৈ বিভিন্ন বন দৰৱৰ সন্ধান কৰি ভৈৰৱকুণ্ডত স্থায়ীভাৱে আয়ুৰ্বেদ চিকিৎসাৰ আশ্ৰম নিৰ্মাণৰ প্ৰচেষ্টা চলাইছিল।
কিন্তু সেই সময়ৰ পৰিস্থিতিৰ প্ৰেক্ষাপটত নিজৰ সেই প্ৰচেষ্টা কাৰ্যকৰী কৰিব নোৱাৰি বাবা ৰামদেৱে ওদালগুৰিৰপৰা অন্তৰ্ধান হৈছিল। কিন্তু আজি প্ৰায় ২৮ বছৰ পাছত এক কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিবলৈ আহি নিজৰ প্ৰথম কৰ্মভূমিৰ স্মৃতিত ৰামদেৱক কিছু পৰিমাণে আৱেগিক হৈ পৰা দেখা যায়।
সেয়ে সাংবাদিকৰ সন্মুখত বাবা ৰামদেৱে কয় যে 'মই মোৰ জন্মভূমি হাৰিয়ানাক যিমান শ্ৰদ্ধা কৰোঁ, একে শ্ৰদ্ধা মোৰ প্ৰথম কৰ্মস্থলী অসমৰ ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডকো কৰোঁ।’
উল্লেখ্য যে বুধবাৰে ওদালগুৰিৰ ভৈৰৱকুণ্ডত নিৰ্মাণ হ’বলগীয়া যোগ আৰু আয়ুৰ্বেদ চিকিৎসা আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে পতঞ্জলি যোগপীঠ ট্ৰাষ্টৰ সভাপতি যোগগুৰু বাবা ৰামদেৱে। আধাৰশিলাৰ অন্তত যোগবাবা ৰামদেৱে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি সকলোকে সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ বাবে যোগ চৰ্চা কৰাৰ আহ্বান জনাই উপস্থিত সকলোকে যোগ কৰায়।
সভাৰ অন্তত সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত তেওঁৰ এক পূৰ্বৰ দিৰ্ঘদিনীয়া ইচ্ছা সফল হ’বলৈ গৈ থকা বুলি উল্লেখ কৰি ভৈৰৱকুণ্ড অঞ্চলত আৰু বহুত কৰাৰ ইচ্ছা থকা বুলি জানিবলৈ দিয়ে। ইফালে ভাৰতীয় বায়ুসেনাই পাক সীমান্ত অতিক্ৰম কৰি সন্ত্ৰাসবাদীক উচিত প্ৰত্যুত্তৰ দিয়া ভাৰতীয় বায়ুসেনাৰ বিচক্ষণতাক তেওঁ প্ৰসংশা কৰে।
উক্ত আধাৰশিলা স্থাপন কাৰ্যসূচীত বাবা ৰামদেৱৰ সৈতে উপস্থিত থাকে পতঞ্জলি যোগপীঠ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক আচাৰ্য বালকৃষ্ণৰ লগতে কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰী, দুই বিধায়ক ক্ৰমে চৰণ বড়ো ইমানুৱেল মুছাহাৰী, এম চি এল এ ৰিপেন দৈমাৰীৰ লগতে কেইবাজনো সহযোগী গুৰু।