49
ওদালগুৰিঃ অসম দক্ষতা বিকাশ মিছনৰ সহযোগত সোমবাৰে ওদালগুৰিৰ সাপেখাইটিস্থিত আস্থা স্বেচ্ছাসেৱী সংগঠনৰ কাৰ্যালয় চৌহদত সুৰক্ষা স্কীল এণ্ড ছলিউশ্বন কেন্দ্ৰ মুকলি কৰা হয়।
এই উপলক্ষে বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক, প্ৰশিক্ষাৰ্থী আৰু বিভাগীয় বিষয়াৰ উপস্থিতিত স্বেচ্ছাসেৱী সংগঠনটোৰ কাৰ্যালয় চৌহদত এক সভা অনুষ্ঠিত হৈ যায়। বি টি চি অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে আঁত ধৰা সভাখনৰ আদৰণি ভাষণ আগবঢ়াই ওদালগুৰিৰ দক্ষতা বিকাশ অভিযানৰ ডি পি এম ফাৰুক আহমেদে।