Home ৰাজ্যহৰিশিঙা ৰসত আকৰ্ষণৰ কেন্দ্ৰ ৬১ ফুট উচ্চতাৰ মূৰ্তি

হৰিশিঙা ৰসত আকৰ্ষণৰ কেন্দ্ৰ ৬১ ফুট উচ্চতাৰ মূৰ্তি

by News Desk
59 views
A+A-
Reset

ওদালগুৰিঃ বৃহত্তৰ হৰিশিঙা অঞ্চলৰ সমন্বয় আৰু মিলনৰ থলী শ্ৰীশ্ৰী কৃষ্ণ ৰাস মহোৎসৱে গৌৰৱোজ্জ্বল ইতিহাসৰ বোকোচাত উঠি সজীৱ স্মৃতিৰে ৭৮ সংখ্যক বৰ্ষত উপনীত হৈছে। সেয়েহে এইবেলি আগন্তুক ২৩ নৱেম্বৰৰপৰা নদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱটি “মহাৰজত জয়ন্তী” উৎসৱ হিচাপে উদযাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

মহাৰজত জয়ন্তী উৎসৱৰ উদযাপন সমিতিৰ সভাপতি হিচাপে অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী ৰিহন দৈমাৰী, কাৰ্যকৰী সভাপতি বিটিচি অধ্যক্ষ ত্ৰিদীপ দৈমাৰীৰ লগতে সাধাৰণ সম্পাদকৰ দ্বায়িত্বত আছে মণ্টু কুমাৰ দাস। মহাৰজত জয়ন্তীত এইবাৰ দৰ্শকৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব ৬১ ফুট উচ্চতাৰ বাঁহেৰে নিৰ্মিত অসুৰৰ মূৰ্তি। হৰিশিঙাৰ স্থানীয় যুৱক তথা ধেমাজি জিলা শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰৰ কলা আৰু সৃজনীমূলক শিল্পৰ অধ্যাপক পবিত্ৰ কুমাৰ দাসৰ প্ৰায় ৪০ দিনীয়া কষ্ট আৰু প্ৰচেষ্টাৰ অন্তত দৰ্শকৰ বাবে থিয় দিবলৈ সাজু হৈছে মূৰ্তিটো।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0