♦ ওদালগুৰিত শক্তিমন্ত্ৰীয়ে বিতৰণ কৰিলে কৃষকক সাহায্য

ওদালগুৰিঃ ওদালগুৰিত কৃষকসকলৰ মাজত সা-সঁজুলি বিতৰণ কাৰ্যসূচীত সোমবাৰে উপস্থিত থাকে মন্ত্ৰী তপন কুমাৰ গগৈ। 

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ নকৰি কেৱল 'ৰাজ্যসভাত বিলখন নাহিল’ বুলি পলায়নবাদী মন্তব্য কৰে একালৰ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে।  

মুখ্যমন্ত্ৰীৰ কৃষি সা-সঁজুলি যোজনাৰ অধীনত ওদালগুৰিত ১৬,৩৮৪ গৰাকী কৃষকৰ মাজত পাঁচ হাজাৰ টকাৰ সাহায্য প্ৰদান অনুষ্ঠানৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শক্তি বিভাগৰ স্বতন্ত্ৰ আৰু গড়কাপ্তানি বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈয়ে। 

ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয় খেলপথাৰত অনুষ্ঠিত এই কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইবা শতাধিক কৃষক উপস্থিত থাকে। কাৰ্যসূচীটোত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি অসম মন্ত্ৰী গগৈয়ে চৰকাৰখনৰ বিভিন্ন উন্নয়ণমূলক কামৰ খতিয়ান দাঙি ধৰে। 

ইফালে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সন্দৰ্ভত একালৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তথা বৰ্তমানৰ ৰাজ্য চৰকাৰৰ মন্ত্ৰীগৰাকীক সাংবাদিকে তেওঁৰ স্থিতি সন্দৰ্ভত প্ৰশ্ন কৰাত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰৰ বিপৰীতে বাৰম্বাৰ কৈ গ'ল 'ৰাজ্যসভাত বিলখন উত্থাপনেই নহ'ল’। 

এসময়ত ৰাজ্যৰ জনসাধাৰণৰ সমস্যাৰ বাবে সন্মুখৰপৰাই সদৌ অসম ছাত্ৰ সন্থাক নেতৃত্ব দি অহা বৰ্তমানৰ মন্ত্ৰীগৰাকীৰ এনে তুলুঙা তথা পলায়নবাদী মন্তব্য‌ই স্বাভাৱিকতে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে।