Photo Credit- Raha Correspondent, NNO
Photo Credit- Raha Correspondent, NNO

গুৱাহাটীঃ অফিছ-কাছাৰীত পৰম্পৰাগত সাজপাৰ পিন্ধাক লৈ তৰ্ক-বিতৰ্ক অব্যাহত হৈ থকাৰ সময়তেই আজি ৰাজ্য চৰকাৰৰ আহ্বানমৰ্মে ৰাজ্যিক কৰ্মচাৰীসকলে পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি কাৰ্যালয়লৈ অহা পৰিলক্ষিত হয়।

চৰকাৰে মাহটোৰ প্ৰথম তৃতীয় শনিবাৰৰ দিনটোত পুৰুষসকলে ধুতী-কুৰ্তা আৰু মহিলাসকলে চাদৰ-মেখেলা পিন্ধি কাৰ্যালয়লৈ আহিবলৈ আহ্বান জনাইছিল। চৰকাৰে নিধাৰ্ৰণ কৰি দিয়া ড্ৰেছ কোডক লৈ ৰাজ্যত সৰ্বত্ৰে নান বিৰ্তকৰ সৃষ্টি হৈছে যদিও আজি প্ৰথমটো শনিবাৰে কিছুসংখ্যক কৰ্মচাৰীয়ে ধুতী-কুৰ্তা পৰিধান কৰি অহা দেখা গৈছে।

শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়, ডিব্ৰুগৰ জিলা উপায়ুক্ত কাৰ্যালয়, নগাঁও জিলা সচিবালয়, তিনিচুকিয়া জিলা উপায়ুক্তৰ কাৰ্যালয়, তেজপুৰৰ উপায়ুক্তৰ কাৰ্যালয়, কোকৰাঝাৰৰ বিভিন্ন কাৰ্যালয়, কলিয়াবৰৰ আৰু ধিঙৰ বিভিন্ন বিদ্যালয়ত শিক্ষক কৰ্মচাৰীসকলে ধুতি-কুৰ্তা আৰু নানা পৰম্পৰাগত সাজপাৰ পৰিধান কৰি কৰ্মচাৰীসকলক কাৰ্যালয়লৈ অহা পৰিলক্ষিত হৈছে।

পৰম্পৰাগত সাজত কৰ্মচাৰীসকলৰ একাংশই উৎসাহিত হৈছে আৰু আন একাংশই কেৱল চৰকাৰৰ নিৰ্দেশ মানিবলৈ এই সাজ পিন্ধি অহা বুলি মতপোষণ কৰে। উল্লেখ্য যে চৰকাৰৰ এই আহ্বানক লৈ দল-সংগঠনৰ বিভিন্ন নেতা, বুুুদ্ধিজীৱি, উচ্চ-পদস্থ বিষয়াসকলে নানা প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসাংবিধানিক নিৰ্দেশ বুুলি কোৱাৰ লগতে এই নিৰ্দেশত ব্যক্তি স্বাধীনতা খৰ্ব হোৱা বুলি অভিযোগ উত্থাপিত হৈছে।

ইফালে ৰাজ্যৰ কৰ্মচাৰীসকলৰ একাংশই মন্ত্ৰী আমোলাসকলে পৰম্পৰাগত সাজপাৰ পৰিধান কৰাটো বাঞ্চনীয় বুলি উল্লেখ কৰে। অসমীয়া সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত কেৱল কৰ্মচাৰীসকলেই কিয় মন্ত্ৰীসকলেও অসমৰ জাতীয় পোছাকসমূহক বিশ্ব দৰবাৰত স্থাপন কৰিবৰ বাবে এই নীতি পালন কৰা উচিত বুলি একাংশ কৰ্মচাৰীয়ে মন্তব্য প্ৰকাশ কৰে।