গুৱাহাটীঃ অফিছ-কাছাৰীত পৰম্পৰাগত সাজপাৰ পিন্ধাক লৈ তৰ্ক-বিতৰ্ক অব্যাহত হৈ থকাৰ সময়তেই আজি ৰাজ্য চৰকাৰৰ আহ্বানমৰ্মে ৰাজ্যিক কৰ্মচাৰীসকলে পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি কাৰ্যালয়লৈ অহা পৰিলক্ষিত হয়।
চৰকাৰে মাহটোৰ প্ৰথম তৃতীয় শনিবাৰৰ দিনটোত পুৰুষসকলে ধুতী-কুৰ্তা আৰু মহিলাসকলে চাদৰ-মেখেলা পিন্ধি কাৰ্যালয়লৈ আহিবলৈ আহ্বান জনাইছিল। চৰকাৰে নিধাৰ্ৰণ কৰি দিয়া ড্ৰেছ কোডক লৈ ৰাজ্যত সৰ্বত্ৰে নান বিৰ্তকৰ সৃষ্টি হৈছে যদিও আজি প্ৰথমটো শনিবাৰে কিছুসংখ্যক কৰ্মচাৰীয়ে ধুতী-কুৰ্তা পৰিধান কৰি অহা দেখা গৈছে।