জাজৰিঃ নগাঁও জিলা মিল্ক প্ৰডিউচাৰচ কোঃ অপৰেটিভ ইউনিয়ন লিমিটেডৰ স্থায়ী কাৰ্যালয় আৰু প্ৰশিক্ষন গৃহ ২৩ ডিচেম্বৰত জিলাখনৰ অন্তৰ্গত জাগিয়ালত আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিৱক্তা হিৰনমনি ফুকনে আনুষ্ঠানিক ভাৱে মুকলি কৰে কাৰ্যালয়টো৷ তাৰ পিছতে সভাগৃহত এখন সভা অনুষ্ঠিত হয়।
অসম ৰাজ্যিক সমবায় সংঘৰ অৱসৰপ্ৰাপ্ত বিষয়া লক্ষীৰাম বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নগাঁও জিলা মিল্ক প্ৰডিউচাৰচ ইউনিয়নৰ সভাপতি বিৰিঞ্চি কাশ্যপে।