কোকৰাঝাৰঃ জিএচটি বলৱৎ হবলৈ মাজতে মাথো এটা দিন বাকী থকা অৱস্থাত কোকৰাঝাৰ জিলাৰ বিক্ৰীকৰ পৰিদৰ্শক ৰিপুঞ্জয় দেৱ শৰ্মাক আজি দূৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ বিভাগে দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।
কোকৰাঝাৰৰ কৰ অধীক্ষকৰ কাৰ্যালয়তে তথা বিক্ৰীকৰ বিভাগৰ পৰিদৰ্শকৰগৰাকীৰ নিজ কোঠাতে ব্যৱসায়ী এগৰাকীৰ পৰা এক লাখ টকা উৎকোচ লৈ থাকোতে বিক্ৰীকৰ পৰিদৰ্শকগৰাকীক গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক শাখাৰ দল এটিয়ে উৎকোচ লৈ থকা অৱস্থাতে হাতে লোটে গ্ৰেপ্তাৰ কৰা ঘটনাই কোকৰাঝাৰত দূৰ্নীতিৰ ভয়াৱহতা উদঙাই দিছে।
উল্লেখ্য যে বিক্ৰীকৰ পৰিদৰ্শকসকলে কোকৰাঝাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানে প্ৰতিষ্ঠানে গৈ ভয়-ভাবুকিৰে ধন দাবী কৰাটো এক চিৰপৰিচিত ঘটনা। তেনে এক ঘটনাৰ অংশস্বৰূপে যোৱা ১০মে' আৰু ২৪ মে'ৰ দিনাখন বাসুগাঁও চহৰৰ ব্যৱসায়ী কৃষ্ণ সাহাৰ ভাৰত ভূটান সীমান্তৱৰ্তী দাদগিৰি আৰু বাসুগাঁওত থকা প্ৰসেনজিৎ ইলেকট্ৰনিকছ নামৰ প্ৰতিষ্ঠান দুখনত তালাচী চলায়।
বিক্ৰীকৰ পৰিদৰ্শক ছেভিঅ ইছলাৰীক লগত লৈ তালাচী চলোৱাৰ অন্তত বিক্ৰীকৰ পৰিদৰ্শক ৰিপুঞ্জয় দেৱ শৰ্মাই ব্যৱসায়ী কৃষ্ণ সাহাই কমেও ৩০ লাখ টকা জৰিমণা দিব লাগিব আৰু আইনী প্ৰক্ৰিয়াৰো সন্মুখীন হব লাগিব বুলি অবগত কৰে। অৱশ্যে তেওঁলোকৰ লগত বুজাপৰা কৰিলে ৫ লাখ টকাতে হৈ যাব বুলি সদৰী কৰে পৰিদৰ্শকগৰাকীয়ে।
বিক্ৰীকৰ পৰিদৰ্শকে ৫ লাাখ টকা দাবী কৰাত ব্যৱসায়ী কৃষ্ণ সাহাই সেয়া দিবলৈ অপাৰগতা প্ৰকাশ কৰাত দাবীৰ ধন ২.৫০ লাখ লৈ হ্ৰাস কৰে । সেয়াও দিবলৈ অপাৰগতা প্ৰকাশ কৰাত অৱশেষত যোৱা ২৯ মেত ২ লাখত বন্দোৱস্তি হয় । বিক্ৰীকৰ পৰিদৰ্শকৰ সতে বন্দোৱস্তি হোৱাৰ পিছতে ব্যৱসায়ী কৃষ্ণ সাহাই চিধাই গুৱাহাটীস্থিত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক শাখাৰ সতে যোগাযোগ কৰে আৰু দূৰ্নীতিৰ বিৰুদ্ধে এক গোচৰ (নং এচিপিএচ ২০/১৭) ৰজু কৰে।
দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক শাখাৰ পূৰ্ব পৰিকল্পনা অনুসৰি বন্দোৱস্তি অনুসৰি আজি দুই লাখ টকাৰ প্ৰথম কিস্তি হিচাপে এক লাখ টকা কাৰ্যালয়ত দিবলৈ যায়। ইয়াৰ পূৰ্বে এক লাখ টকাত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক শাখাই পাউডাৰ সানি দিছিল। পাউডাৰ সনা উক্ত এক লাখ টকা গ্ৰহণ কৰাৰ পিছতেই বিক্ৰীকৰ পৰিদৰ্শকগৰাকীক হাতে-লোটে গ্ৰেপ্তাৰ কৰে গুৱাহাটীৰ পৰা অহা দূৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক শাখাৰ অভিযানকাৰী দলটোৱে।
ইফালে বিক্ৰীকৰ পৰিদৰ্শক গৰাকীক গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালভাৱে কোকৰাঝাৰ কাৰ্যালয়ৰ আন এগৰাকী বিক্ৰীকৰ পৰিদৰ্শক ছেভিঅ ইছলাৰীকো সোধ-পোছৰ বাবে আটক কৰিছে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক শাখাৰ অভিযানকাৰী দলটোৱে। ইয়াৰোপৰি বিক্ৰীকৰ পৰিদৰ্শক ৰিপুঞ্জয় দেৱ শৰ্মাৰ গুৱাহাটীস্থিত বাসভৱন আৰু কোকৰাঝাৰৰ গৌড় নগৰৰ বাসগৃহতো দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক শাখাই তালাচী অভিযান অব্যাহত ৰাখিছে।