খেৰণিঃ কৰ্বি আংলং জিলাৰ খেৰণিত এগৰাকী মীন বিষয়াই চাইকেল আৰোহিক প্ৰহাৰ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মীন বিভাগৰ ৰমণী ডেকা নামৰ বিষয়াগৰাকীয়ে গাড়ীৰে লংকা অভিমুখে গৈ থকা অৱস্থাত খেৰণিৰ থং-নকবে দলঙৰ সমীপত চাইকেল আৰোহিক প্ৰহাৰ কৰি নিজৰ বীৰত্ব দেখুৱাই৷
চাইকেল আৰোহীক প্ৰহাৰ কৰাৰ পিছতে একাংশ লোকে বাধা দিয়াত বিষয়াগৰাকীয়ে তৰ্কত লিপ্ত হয়৷ ঘটনাস্থলিত স্থানীয় সাংবাদিক উপস্থিত হৈ ঘটনা সন্দৰ্ভত জানিবলৈ বিছৰাত নিজৰ নাম প্ৰকাশ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰাৰ লগতে নিজকে মীন পালন বিভাগৰ কৰ্মচাৰী বুলি কৈ একো নজনাৰ ভাওঁ জুৰি নিজৰ ভুল ঢাকিবলৈ চেষ্টা কৰে।