মৰিগাঁও: ২০১৩ চনৰ ১৮ আগষ্ট তাৰিখে জন্ম লাভ কৰা মধ্য অসমৰ ৰাজনৈতিক দলটোৱে শনিবাৰে মৰিগাঁও বিহুতলিত দিনযোৰা কাৰ্য্যসূচীৰে আয়োজন কৰে দলটোৰ পঞ্চম সংখ্যক প্ৰতিষ্ঠা দিৱস। উখল মাখল মৰিগাঁও বিহুতলিত মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ নেতা কৰ্মীৰ উপস্থিতিত আয়োজন কৰে প্ৰতিষ্ঠা দিৱসটি।
কাৰ্য্যসূচী মৰ্মে পুৱা ৯ বজাত পতাকা উত্তোলন কৰে জাতীয় ঐক্য মঞ্চৰ কেন্দ্ৰীয় সভাপতি খগেন বৰদলৈয়লয়ে। পুৱা ৯.৩০ বজাত স্মৃতি তৰ্পণৰ লগতে ভাৰত ৰত্ন, ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দিনৰ এক বজাত মুকলি সভা অনুষ্ঠিত কৰে।