চাবুৱাঃ অসমৰ জাতীয় সংগঠনক উপহাস কৰি এইবাৰ জাতীয় সংগঠনৰ বেনাৰ ফলাৰ অভিযোগ উত্থাপন গৈছে অইলৰ বিষয়াৰ বিৰুদ্ধে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বেনাৰ ফলাৰ অভিযোগ উত্থাপন কৰিছে খোদ সংগঠনটোৱে৷
জানিব পৰা মতে, ডিগবৈত সংগঠনটোৱে এটা কাৰ্যালয় আৰু ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চাইকেল আস্থান নিৰ্মাণ কৰি আছিল বুলি কয় সংগঠনটোৱে। কিন্তু শুকুৰবাৰে অৰ্মত্য দেৱ নামৰ এজন অনা অসমীয়া বিষয়াই সংগঠনটোৰৰ বেনাৰ ভৰিৰে গচকি ফালি পেলোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বাবে সাজু কৰাৰ চাইকেল ৰখা ঠাই ডোখোৰ অনিষ্ট কৰাৰ অভিযোগ উত্থাপন হয়৷