newsnextone.com | ডিজিটেল ডেস্কঃ কেতিয়াবা ক’ৰবলৈ যাব লগা হ’লে আৰু সময়ৰ নাটনি থাকিলে হাতৰ মুঠিতে লাভ কৰিব পৰা বাহন খন গৈছে ওলা অথৱা উবেৰ৷ যেতিয়াই তেতিয়াই যতে ততে উপলব্ধ হয় উবেৰ আৰু ওলাৰ কেব বাহন সমূহ৷
যাত্ৰীৰ নিশ্চিত যাত্ৰা, কম খৰছ, সুৰক্ষা আদিৰ বাবেই কম সময়ৰ ভিতৰতে ওলা আৰু উবেৰে বহুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে৷ বিশেষকৈ ব্যস্ততাপূৰ্ণ মহানাগৰিক জীৱনত বৰ্তমান সময়ত ওলা আৰু উবেৰৰ দৰে বাহন সেৱাৰ প্ৰয়োজনীয়তা প্ৰায়বোৰ যাত্ৰীয়ে অনুভৱ কৰে৷