মুছলপুৰঃ এজন বৃদ্ধই ঠেলা এখন টলাই নিছে৷ ঠেলাত এগৰাকী ৰুগীয়া বৃদ্ধা৷ সেয়া বৃদ্ধ ঠেলা চালকৰ পত্নী৷ ঠেলাৰ পাছে পাছে প্ৰখৰ ৰ’দক ভেটা দিবলৈ ছাটিটো লৈ এটা কণমানি৷ সেয়া ঠেলা চালকৰ নাতি৷ দেই নিয়া ৰ’দক নেওচি তিনিওৰে লক্ষ্য ১৮ কিঃমিঃ নিলগৰ চৰকাৰী হস্পিতালখন৷
এয়া কোনো চিনেমাৰ কাহিনী নহয়৷ উন্নয়নৰ প্ৰকৃত স্বৰূপটো উদঙাই এনে এক দৃশ্য দেখিবলৈ পোৱা গ’ল বাক্সা জিলাৰ চৰাইমাৰীত৷ চৰাইমাৰী চকাদ’লৰ এগৰাকী ৭৫ বছৰীয়া বৃদ্ধই নিজ পত্নীক ঠেলাত তুলি চিকিৎসালয়লৈ আনি থকা দৃশ্যই প্ৰত্যক্ষদৰ্শী প্ৰতিজনৰে হৃদয় সেমেকাই তুলিলে৷ বুধবাৰে প্ৰখৰ ৰ’দক নেওচি ৭৫ বছৰীয়া বৃদ্ধ গৰাকীয়ে এখন ঠেলা গড়ীৰে অসুষ্ট পত্নীক চকাদ’লৰ পৰা ১৮ কিলোমিটাৰ নিলগৰ মচলপুৰ চিকিৎসালয়লৈ লৈ আনে৷