57
জাজৰিঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত আইভেটি গাঁৱৰ এঘৰাকী ৮২ বছৰীয়া বৃদ্ধৰ মৃতদেহ নিজ ঘৰৰ পৰা প্ৰায় এক কিলোমিটাৰ নিলগত চীপজৰি লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পোৱা মতে, আইভেটি গাঁৱৰ ডিম্বশ্বৰ শইকীয়া নামৰ বৃদ্ধগৰাকীয়ে নিজ ঘৰৰ পৰা প্ৰায় এক কিলোমিটাৰ নিলগৰ চেগুণ গছৰ বাগান এখনৰ ওচৰত থকা বাঁহগছত চীপজৰি লৈ থকা অৱস্থাত উদ্ধাৰ হয়।