newsnextone.com | নগাঁওঃ যাৰ থাকিবলৈ নাই এটা ঘৰ৷ যাৰ ঘৰৰ পৰা আকাশ দেখা পায়৷ বৰষুণ দিলে পলিথিন মেৰিয়াই থাকিব লাগে যিয়ে৷ যিয়ে সমগ্ৰ জীৱনটোৱে অন্নৰ বাবে যুঁজ দিছে৷ যাৰ বাবে এসাজ ভাত এক সপোন৷ যাৰ বাবে এযোৰ কাপোৰ এক সপোন৷ ভিক্ষা নুখুজিলে এসাজ খাবলৈ নাপায় যিয়ে৷ তেনেই এগৰাকী লোকৰ টকা খালে এগৰাকী মানুহে৷ এই ঘটনা সংঘটি হৈছে অসম মুলুকৰ নগাঁও জিলাত৷
দুৰ্নীতি কৰিলে ধৰোতা কোনো নাই। এতিয়া এই নীতিৰে চলিছে নগাঁও জিলাৰ একাংশ বেংকৰ শাখাৰ বিষয়া-কৰ্মচাৰী। নগাঁও জিলাত এটি চক্ৰই বেংকৰ বিষয়া আৰু কৰ্মচাৰী সৈতে মিলি কোটিৰ ঘৰত সংখ্যালঘু ছাত্ৰ-ছাত্রীৰ বৃত্তিৰ ধন আত্মসাৎ কৰাৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতেই এইবাৰ পোহৰলৈ আহিছে ধন ঘটাৰ নামত ভিক্ষা বৃত্তিত জৰিত এগৰাকী সৰ্বহাৰা মহিলাৰ ধন খোৱাৰ দৰে ঘটনা।