64
ডিজিটেল ৰিপ’ৰ্টঃ গ্ৰাহকৰ পৰা অতি কৌশলেৰে প্ৰায় ৩ কোটি টকা লুণ্ঠন কৰি অৱশেষত জালত পৰিল সুন্দৰী বেংক বিষয়া অলিভিয়া দত্ত। দেওবাৰে অসম আৰক্ষীৰ এটা বিশেষ দলে অনুসন্ধান চলাই অলিভিয়াক নাইনিতালৰ পৰা গ্ৰেপ্তাৰ কৰে।
ব্যক্তিগত খণ্ডৰ ইণ্ডাছইণ্ড বেংক নামৰ বেংকটোৰ গুৱাহাটীৰ ভঙাগড় শাখাৰ উপ-মহাপ্ৰবন্ধকৰ দায়িত্বত আছিল অলিভিয়া। দীৰ্ঘদিন ধৰি গ্ৰাহকে জমা কৰা ধন জালিয়াতিৰে নিজৰ কৰি লৈ আহিছিল অলিভিয়াই।