newsnextone.com | ডিজিটেল ডেস্কঃ আপুনি কি কি কাৰণত বিবাহ বিচ্ছেদ বিছৰাৰ বিষয়ে জানে? পাৰিবাৰিক অশান্তি, মতৰ অমিল, অহমিকা আদি গুৰুত্বপূৰ্ণ পাৰিবাৰিক সমস্যাৰ বাবেই নহয় জানো? আমিও এনেবোৰ কাৰণৰ বাবেই এহাল দম্পত্তিৰ মাজত বিবাহ বিচ্ছেদ হ’ব পাৰে বুলিয়েই জানো৷
কিন্তু গুজৰাটৰ আহমদাবাদত এজন লোকে তেওঁৰ পত্নীৰ পৰা বিবাহ বিচ্ছেদ বিছৰাৰ কাৰণ এয়া নহয়৷ লোকজনৰ মতে তেওঁৰ পত্নী বেছ মৰমীয়াল, তেওঁৰ খেয়াল ৰাখে৷ পৰিয়ালটোৰ প্ৰতিও তেওঁৰ পত্নী সমানেই দায়বদ্ধশীল৷ কিন্তু কথাটো হ’ল, তেওঁৰ পত্নীৰ মুখত দাঢ়ি আছে আৰু তেওঁৰ পত্নীৰ মাতটো পুৰুষৰ দৰে৷ যাৰ বাবে লোকজনে তেওঁৰ পত্নীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছে৷