তেজপুৰ টাউনঃ বাবা ৰামদেৱৰ পতঞ্জলিৰ হাৰ্বেল পাৰ্কত চাকৰি দিয়াৰ নামত ৰাজ্যত চলিছে ৰমৰমীয়া ব্যৱসায়৷ একাংশ লোকে পতঞ্জলি হাৰ্বেল পাৰ্কত চাকৰি দিয়াৰ নামত নিৱনুৱা যুৱকৰ পৰা ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে বিশ্বনাথ চাৰিআলিৰ মনি ভাট্টাচাৰ্য নামৰ লোকজনক বৃহস্পতিবাৰে আৰক্ষীৰ জালত পৰে৷
জানিব পৰা মতে, মনি ভাট্টাচাৰ্যই শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰু বালিপৰা অঞ্চলৰ কেইবাজনো পুৰুষ-মহিলাৰ পৰা জিলা খনত নিৰ্মাণ হৈ থকা পতঞ্জলি ফুড এণ্ড হাৰ্বেল পাৰ্কত চাকৰি দিয়াৰ নামত ধন লৈছিল৷ কেইবাজনো যুৱকৰ পৰা মুঠ ২ লাখ ৫০ হাজাৰ টকা লৈ পলায়ণ কৰি আছিল।