newsnextone.com | ছিপাঝাৰঃ ৰাজ্যত আজিও অব্যাহত আছে নাৰী দেহ ব্যৱসায়৷ দৰং-ওদালগুৰি সীমান্তৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত কছাৰী ভেটি টোপ গাঁৱৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক বিয়াৰ কৰোৱাৰ প্ৰতিশ্ৰুতি দি পলুৱাই নি বহিঃৰাজ্যত বিক্ৰী কৰিব বিচৰাৰ ঘটনা পোহৰলৈ আহিছে৷ ইতিমধ্যে ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানা এলেকাৰ বাগানবস্তি গাঁৱৰ একাংশ লোকে ছিদ্দিক আলী নামৰ এগৰাকী লোকক এই ঘটনাৰ সৈতে জৰিত থকাৰ সন্দেহত আৱদ্ধ কৰি আৰক্ষীক গটাই দিয়ে বুলি জানিব পৰা গৈছে৷
ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানা এলেকাৰ বাগানবস্তি গাঁৱৰ মুছাব আলীৰ পুত্র ছিদ্দিক আলীয়ে ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত কছাৰী ভেটি টোপ গাঁৱৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ সৈতে ফোন যোগে চিনাকী হয়৷ চিনাকীৰ পিছত বন্ধুত্ব গঢ়ি উঠে আৰু মোবাইলত প্ৰায়ে কথা পাতিব ধৰে৷ তাৰ পিছতে প্ৰেমত পৰে দুয়োজনে৷