newsnextone.com | তেজপুৰঃ ধৰ্ষণ-যৌন নিৰ্যাতনৰ দৰে ঘটনাৰ পৰা সমাজক মুক্ত কৰাৰ বাবে সমাজৰ সকলো সৰ্বপ্ৰকাৰৰ লোকে মত পোষণ কৰি আহিছে৷ সভ্য সমাজৰ বাবে বৰবিহ স্বৰূপ হৈ পৰা এনে কাণ্ডৰ পৰা সমাজক মুক্ত কৰাৰ বাবে চেষ্টাও চলাই আহিছে একাংশ লোকে৷ কিন্তু মহিলা-কিশোৰী নিৰ্যাতনৰ ঘটনাৰ পৰা মুক্ত হ’ব পৰা নাই সমাজখন৷ একাংশ লোকে বাৰে বাৰে এনে কাণ্ড সংঘটিত কৰি সভ্য সমাজক বদনাম কৰি আহিছে৷
এইবাৰ এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ধৰ্ষণৰ ধৰ্ষণ কাণ্ডৰ বলি হৈ ৯ মাহৰ অন্তঃসত্বা হোৱাৰ খবৰ পোহৰলৈ আহিছে৷ এই কাণ্ড সংঘটিত হৈছে শোণিতপুৰ জিলাৰ তেজপুৰৰ বৰঘাট আৰক্ষী চকী এলেকাৰ নপাম চাপৰিত৷ ইতিমধ্য ঘটনাৰ অভিযুক্ত নয়নমণি হাজৰিকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷