newsnextone.com।নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ নিকটৱৰ্তী কেৰিমেৰিত গৰু সহ এজন লোকক আৰক্ষীয়ে  আটক কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, জেংগনী গাঁৱৰ হজৰত আলীৰ এজনী গাভিনী গাই গৰু যোৱা নিশা  চুৰি হৈছিল। সোমবাৰে ডুমডুমীয়া আৰক্ষীৰ তৎপৰতাত কেৰিমেৰিৰ পৰা গৰু সহ আজাহাৰুল ইছলাম নামৰ যুৱক জনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।