89
মঙলদৈঃ ভুল চিকিৎসাৰ বলি হৈ এগৰাকী যুৱকে প্ৰাণ হেৰুৱাৰ অভিযোগ উত্থাপন কৰি একাংশ লোকে আজি মঙলদৈ অসামৰিক চিকিৎসালয় চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে ২২ বছৰীয়া যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷
মঙলদৈ লাচিত নগৰৰ ৰিতুল ডেকা নামৰ যুবকজনে সাধাৰণ ফোঁহাৰ চিকিৎসা কৰিবলৈ সোমবাৰে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ আহে৷ চিকিৎসক ড০ প্ৰীতিৰেখা শইকীয়াই ফোঁহা চোৱাৰ পিছত নিদানপত্ৰত এটি বেজী লিখি দিয়ে।