71
নগাঁও/ধিংঃ দীৰ্ঘদিনীয়া পাৰিবাৰিক কন্দলৰ কৰুণ পৰিণতি ঘটিল নগাঁও জিলাৰ বটদ্ৰৱাৰ ভোমোৰাগুৰিত৷ বটদ্ৰৱাৰ ভোমোৰাগুৰিৰ আব্বাছ আলীৰ তৃতীয় পুত্ৰ ছাজাদ আলীৰ সৈতে কোনো কথাক লৈ বাক-বিতণ্ডাৰ সৃষ্টি হয়৷
বাক-বিতণ্ডাই হুংসাৰ ৰূপ লোৱাত পুত্ৰ ছাজাদ আলীয়ে পিতৃ আব্বাছ আলীক দাৰে ঘপিয়াই হত্যা কৰে৷ আব্বাছ আলীৰ জ্যেষ্ঠ পুত্ৰই এই ঘটনাত ইন্ধন যোগোৱাৰ অভিযোগ উত্থাপন কৰে একে গাঁৱৰে মহিৰুদ্দিনৰ পুত্ৰ আমিৰুদ্দিনলৈ৷