48
গোসাঁইগাঁওঃ গোসাঁইগাঁও মহকুমাৰ কচুগাঁও গ্ৰামীণ চিকিৎসালয়ত উপযুক্ত চিকিৎসাৰ অভাৱত এজন ৰোগীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপিত হৈছে।
অভিযোগ মতে মহকুমাটোৰ চৰাইবিল আৰক্ষীচকীৰ অন্তৰ্গত অতি ভিতৰুৱা গাঁও ২ নম্বৰ কুসুমবিলৰ বাসিন্দা চৈতা কুজুৰ (৫০) নামৰ লোকজন জ্বৰ আৰু অন্যান্য ৰোগত আক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে অসুস্হ লোকজনক শুকুৰবাৰে আবেলি ৩ বজাত কচুগাঁও খণ্ড গ্ৰাম্য প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে।