newsnextone.com | ওদালগুৰিঃ ওদালগুৰি সদৰৰ বৰ্নগাঁওস্থিত জিলা কাৰাগাৰত শুকুৰবাৰে এটি মৃতদেহ উদ্ধাৰ হোৱাৰ অভিযোগ উত্থাপন হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ গামোচাৰে ডিঙিত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো৷ কাৰাগাৰৰ কোঠাৰ খিৰিকীত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা লোকগৰাকী বাবুল বিশ্বাস(৩৯) বুলি জানিব পৰা গৈছে৷ ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত কঠালবাৰী গাঁৱৰ প্ৰয়াত কালিচৰণ বিশ্বাসৰ পুত্ৰ বাবুল বিশ্বাসে ২০১০ চনত এটি হত্যাকাণ্ডৰ অভিযুক্ত আছিল। ২০১০ চনতে ওদালগুৰি আৰক্ষী থানাত বাবুলৰ বিশ্বাসৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত ৮০/১০ নম্বৰৰ এক গোচৰ ৰুজু হৈছিল।
গোচৰৰ ভিত্তিত ২০১১ চনৰ ৫ জুলাইত আদালতে বাবুলক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিছিল আদালতে। ফলত সেই সময়ৰ মঙলদৈ জেললৈ বাবুলক প্ৰেৰণ কৰা হয়। পৰৱৰ্তী সময়ত ওদালগুৰি জিলা কাৰাগাৰ স্থাপন হোৱাৰ অন্তত কয়দী বাবুলক ২০১৪ চনৰ ২০ ডিচেম্বৰত ওদালগুৰি জিলা কাৰাগাৰলৈ হস্তান্তৰ কৰা হয়। তেতিয়াৰ পৰাই ওদালগুৰি জিলা কাৰাগাৰতেই বন্দীৰ জীৱন কটাই আছিল তেওঁ।