মিছামাৰীঃ শোণিতপুৰৰ মিছামাৰিত গছৰ ডাল কাটিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী লোকে মৃত্যুক আকোৱালি লোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শোণিতপুৰৰ মিছামাৰীত দেওবাৰে নিচেই পুৱাতে বিদ্যুতস্পৃষ্ট হৈ ঢেকীপেলুৱা কছাৰী গাঁৱৰ বাসিন্দা দৰিদ্ৰ মহেশ্বৰ বিশ্বকৰ্মা ওৰফে গৰে (৫৫)ৰ মৃত্যু হয়৷ কাহিলীপুৱাতে শোৱাপাটি এৰি ছাগলীৰ খাদ্য বিচাৰি গৈ ঘৰৰ পৰা কিছু নিলগৰ এডাল গছত উঠে বিশ্বকৰ্মাই৷
গছ জোপাৰ ওচৰেৰ পাৰ হৈ গৈছে ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাৰ৷ গছত উঠি ডাল কাটে যদিও ডালগৈ পৰে এঘাৰ হাজাৰ ভল্টৰ তাঁৰত৷ কেচা ডাল তাঁৰত পৰি বিদ্যুতস্পৃষ্ট হৈ মৃত্যু হয় বিশ্বকৰ্মাৰ৷ ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে বিদ্যুত বিভাগৰ কাৰ্যালয়ত খবৰ দিয়াত বিদ্যুৎ সেৱা ব্যাহত কৰে৷