আমগুৰিঃ মানুহ বোৰ যেন ক্ৰমান্বয়ে হিংস্ত্ৰ হৈ পৰিছে৷ মৰম, ভালপোৱা, ধৈৰ্য, ত্যাগ, মানৱতা, সকলোবোৰ পাহৰি গ’ল৷ একাংশ লোক যেন ক্ৰমান্বয়ে দনৱৰ দিশে ধাৱমান হৈছে৷ মৰম, ভালপোৱা, মানৱতা, সকলো যেন লাহে লাহে পাহৰিব ধৰিছে৷ মানুহে মানুহক আক্ৰমণ কৰিব হৈছে৷
সাধাৰণ কথাৰ গইনা লৈ তথা আক্ৰোশ পূৰণৰ বাবে নিশাৰ আন্ধাৰত হত্যা কৰিব পৰা হৈছে মানুহে মানুহক৷ একাংশ মানুহে যেন এতিয়া মানুহক হত্যা কৰি আসুৰিক তৃপ্তি লাভ কৰে৷ তাৰ মাজতে এই খন অসমতে কেইবাগৰাকী লোকে লগ লাগি এগৰাকী অসহায় লোকক পৰিয়ালৰ সন্মুখতে হত্যা কৰাৰ দৰে ঘটনা সংঘটিত হৈছে৷