আগৰতলাঃ বিজেপিয়ে ত্ৰিপুৰাত লাল সন্ত্ৰাস চলোৱা বুলি অভিযোগ উত্থাপন কৰি অহাৰ সময়তে এগৰাকী বিজেপি কৰ্মীৰ হত্যাকাণ্ডই তোলপাৰ লগাইছে ত্ৰিপুৰাত৷ ত্ৰিপুৰাৰ ঘুমটি জিলা বিজেপি কৰ্মী গৌহুৰ হৰি মলসুমক মুৰত গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই৷
বিজেপি কৰ্মীক হত্যা কৰাৰ পিছতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ত্ৰিপুৰাত৷ জানিব পৰা মতে, খোৱাই জিলা বগমা মণ্ডল সমিতিৰ অধিনৰ আঠাৰোভোলা ৰাইপাৰা বুথ সমিতিৰ সদস্য আছিল গৌহুৰ৷ বৃহস্পতিবাৰে পুৱাই নিচেই ওচৰৰ পৰা গুলীয়াই দুৰ্বৃত্তই হত্যা কৰে৷