67
বালিপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা, বালিপৰা চাৰিদুৱাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। বনাঞ্চল সংকুচিত হৈ অহাৰ পৰিপ্ৰেক্ষিততে অঞ্চলটোত এনেদৰে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত।
জিলাখনৰ বালিপৰা সংৰক্ষিত বনাঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত যোৱা দুটা দশকত একাংশ লোকে দখল কৰি ঘৰ সজাৰ ফলত হাতী-মানুহৰ সংঘাত হৈ আহিছে বুলি সচেতন মহলে মন্তব্য কৰিছে।