ডিজিটেল ডেস্কঃ গুলীয়াগুলী, সংঘৰ্ষ অব্যাহত আছে ভূ-স্বৰ্গখ্যাত কাশ্মীৰত। ইয়াৰ মাজতে শুকুৰবাৰে নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয় এজন হিজবুল মুজাহিদিন সদস্য। ঘটনাটোত আন এজন অচিনাক্ত লোকো নিহত হোৱাৰ লগতে আহত এজন সেনা জোৱান।

প্ৰাপ্ত বাতৰি মতে, শুকুৰবাৰে পুৱাই জম্মু-কাশ্মীৰৰ অনন্তনাগত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত তুমুল সংঘৰ্ষ হয়। চোৰাংচোৱাৰ খবৰ অনুযায়ী অনন্তনাগৰ হাৰপোৰাত অভিযান চলাইছিল সেনাই। অভিযানৰ সময়তে দুয়োপক্ষৰ মাজত সংঘৰ্ষ লাগে।

দুয়োপক্ষৰ মাজত হোৱা এই সংঘৰ্ষত মুজাহিদিনৰ সদস্য ইয়াওৱাৰ নিছাৰ ছেৰগুজৰি নিহত হয়। অৱশ্যে সুযোগ বুজি সন্ত্ৰাসবাদী দলটোত থকা আন দুজন সদস্যই পলায়ন কৰে।

সেই সময়তে এজন লোকে উক্ত স্থানেৰে মটৰ চাইকেল চলাই গৈ আছিল। লোকজনৰ গাতো গুলী লগাত ঠাইতে ঢলি পৰি মৃত্যুক আকোৱালি লয় অপৰিচিত লোকজনে।

ঘটনটোত ৰাজস্থান ৰাইফলছৰ ৰোহিত কুমাৰ নামৰ জোৱানজন আহত হয়। ঘটনাস্থলীৰ পৰা সেনাই এটি এছ এল আৰ, দুটা মেগজিন, ৪০ ৰাউণ্ড গুলী আৰু এটি চীনত নিৰ্মিত হেণ্ডগ্ৰেণেড উদ্ধাৰ কৰে।