ডিজিটেল ডেস্কঃ চুঞ্জৱান সেনাৰ শিবিৰত আৰু এটা মৃতদেহ উদ্ধাৰ হয় মঙলবাৰে৷ সংঘৰ্ষস্থলীত এগৰাকী জোৱানৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই চুঞ্জৱান আক্ৰমণ কাণ্ডত ১০গৰাকী লোকৰ মৃত্যু হয়৷ ৬গৰাকী জোৱান, এগৰাকী সাধাৰণ নাগৰিক আৰু ৩ জেইচ-ই-মহম্মদৰ সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে৷ যোৱা ১০ ফেব্ৰুৱাৰীৰ পুৱতি নিশাই ভয়াবহ আক্ৰমণ সংঘটিত কৰিছিল চুঞ্জৱান সেনাৰ শিবিৰত৷
সেনাই সংঘৰ্ষস্থলীত অভিযান চলাই থকাৰ সময়ত মঙলবাৰে আৰু এগৰাকী জোৱানৰ মৃতদেহ উদ্ধাৰ হয়৷ লেফটেনেন্ট কৰ্ণেল দেৱেন্দ্ৰ আনন্দে সংবাদ মাধ্যমক জনোৱা মতে, চাফাই কৰি থকাৰ সময়ত উদ্ধাৰ হয় মৃতদেহটো৷ ইপিনে সংঘৰ্ষস্থলীত তিনি সন্ত্ৰাসবাদীৰ লগতে বহু অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হয়৷