লংকাঃ চৰকাৰে দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে শূন্য সহনশীলতা নীতি অৱলম্বন কৰিলেও চৰকাৰক প্ৰত্যাহ্বান জনাই একাংশ দুৰ্নীতি গ্ৰস্ত বিষয়া-কৰ্মচাৰীয়ে নিতৌ সংঘটিত কৰি গৈছে দুৰ্নীতি৷ চৰকাৰে দুৰ্নীতি মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিলেও ৰাজ্যৰ একাংশ দুৰ্নীতি পৰায়ণ বিষয়া-কৰ্মচাৰীয়ে বৰ্তমানেও বিভিন্ন চৰকাৰী কাৰ্যালয়ত টকা ঘোচ নিদিলে কাম নকৰে বুলি অভিযোগ উত্থাপিত হৈ আহিছে।
ৰাজ্যত যেন আজিও অব্যাহত আছে দুৰ্নীতি-অনিয়ম। চৰকাৰী কাৰ্যালয়ত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে ৰঙিয়াত যোৱ ৮ এপ্ৰলিত টকা ঘোচ লৈ থাকোতেই জালত পৰিছিল এগৰাকী মণ্ডল৷ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই ৰঙিয়াত অতৰ্কিতে অভিযান চলাই ঘোচলৈ থকা অৱস্থাতে গজেন কোঁচ নামৰ মণ্ডলগৰাকীক গ্ৰেপ্তাৰ কৰিছিল৷ তাৰ মাজতে একেটা মাহতে শনিবাৰে ঘোচ লৈ ধৰা পৰিল আন এজন লাট মণ্ডল। এইবাৰ ঠাই হ’ল হোজাই জিলা৷