লংকাঃ চৰকাৰে দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে শূন্য সহনশীলতা নীতি অৱলম্বন কৰিলেও চৰকাৰক প্ৰত্যাহ্বান জনাই একাংশ দুৰ্নীতি গ্ৰস্ত বিষয়া-কৰ্মচাৰীয়ে নিতৌ সংঘটিত কৰি গৈছে দুৰ্নীতি৷ চৰকাৰে দুৰ্নীতি মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিলেও ৰাজ্যৰ একাংশ দুৰ্নীতি পৰায়ণ বিষয়া-কৰ্মচাৰীয়ে বৰ্তমানেও বিভিন্ন চৰকাৰী কাৰ্যালয়ত টকা ঘোচ নিদিলে কাম নকৰে বুলি অভিযোগ উত্থাপিত হৈ আহিছে। 

ৰাজ্যত যেন আজিও অব্যাহত আছে দুৰ্নীতি-অনিয়ম। চৰকাৰী কাৰ্যালয়ত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে ৰঙিয়াত যোৱ ৮ এপ্ৰলিত   টকা ঘোচ লৈ থাকোতেই জালত পৰিছিল এগৰাকী মণ্ডল৷ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই ৰঙিয়াত অতৰ্কিতে অভিযান চলাই ঘোচলৈ থকা অৱস্থাতে গজেন কোঁচ নামৰ মণ্ডলগৰাকীক গ্ৰেপ্তাৰ কৰিছিল৷ তাৰ মাজতে একেটা মাহতে শনিবাৰে ঘোচ লৈ ধৰা পৰিল আন এজন লাট মণ্ডল। এইবাৰ ঠাই হ’ল হোজাই জিলা৷ 

শনিবাৰে হোজাই জিলাৰ লংকা চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই ঘোচ লৈ থকাৰ সময়তে লংকা টাউনৰ দায়িত্বত থকা সমীৰ চন্দ্ৰ দাস নামৰ মণ্ডলজনক গ্ৰেপ্তাৰ কৰে৷ জানিব পৰা মতে, লংকাৰ গোৱিন্দ মজুমদাৰ নামৰ এজন যুৱকে নিজৰ মাটি নামজাৰি কৰাৰ বাবে লংকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আবেদন জনাইছিল৷ গোবিন্দ মজুমদাৰে নিতৌ কাৰ্যালয়লৈ আহে যদিও লাট মণ্ডল সমীৰ চন্দ্ৰ দাসে ভূমি নামজাৰি কৰি নিদি টকা বিচাৰে৷

পিছত লংকা টাউনৰ মণ্ডল সমীৰ চন্দ্ৰ দাসে মাটি নামজাৰি কৰাৰ বিনিময়ত গোৱিন্দ মজুমদাৰৰ পৰা ১২০০০ টকা বিচাৰে আৰু গোৱিন্দ মজুমদাৰে টকা দিবলা ৰাজি হয়৷ গোৱিন্দ চন্দ্ৰ দাসে শনিবাৰে মণ্ডলজনক ভূমি নামজাৰিৰ বিনিময়ত ৬৫০০ টকা আগদন দিবলৈ যায়৷ গোৱিন্দ মজুমদাৰ দিয়া টকা লব ধৰোতেই দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে ধৰে লংকা টাউনৰ মণ্ডল সমীৰ চন্দ্ৰ দাসক৷ 

৬ জনীয়া দুৰ্নীতি নিবাৰক শাখাৰ দলে জেৰা অব্যাহত ৰাখিছে মণ্ডল জনক৷ উল্লেখ্য যে, গোৱিন্দ মজুমদাৰ নামৰ লোকজনে দুৰ্নীতি নিবাৰক শাখাক এই খবৰ পূৰ্বেই দি থোৱাৰ ফলত অভিযান চলাবলৈ সাজু হৈ আছিল দুৰ্নীতি নিবাৰক শাখাৰ দল৷