newsnextone.com | ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ মাৰাঠা সংৰক্ষণ আন্দোলন ক্ৰমে হিংসাত্মক হ'ব ধৰিছে। পুণে-নাচিক ৰাষ্ট্ৰীয় ঘাইপথত মাৰাঠা সংৰক্ষণ আন্দোলনকাৰীয়ে ব্যাপক হিংসাৰ আশ্ৰয় লৈ আহিছে। হিংসাৰ ফটো সংগ্ৰহ কৰা প্ৰায় ১০০গৰাকীতকৈ অধিক লোকৰ মোবাইল ফোন ভাঙি পেলায় আন্দোলনকাৰীয়ে। বহু যান-বাহনৰ ক্ষতি সাধন কৰে। সমগ্ৰ এলেকাত ১৪৪ ধাৰা জাৰি কৰিব লগা হয় প্ৰশাসনে। যান বাহনৰ চলাচল বন্ধ কৰি দিয়াত যাত্ৰীয়ে হাহাকাৰ কৰিব লগা হয়।

মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত উত্তেজনাই বিৰাজ কৰিছে। মাৰাঠা জনগোষ্ঠীয়ে সংৰক্ষণৰ দাবীত ২২ জুলাইৰ পৰা আৰম্ভ কৰা প্ৰতিবাদে উত্তাল কৰি ৰাখিছে ৰাজ্য খনৰ বিভিন্ন এলেকা। সমানে উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত।

মাৰাঠা যুৱক ৰাজপথলৈ ওলাই অহাত ক্ৰমান্বয়ে চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰ হ'ব ধৰিছে পৰিস্থিতি। প্ৰতিবাদ কৰি থকাৰ সময়তে এগৰাকী লোকে নৈত জাপ দি আত্মহত্যা কৰিছিল। উত্তেজনাৰ মাজতে প্ৰতিবাদ হিংসাত্মক হ'ব ধৰিছে। কেইবা খনো ট্ৰাকত ইতিমধ্যে অগ্নি সংযোগ কৰাৰ লগতে ২ যুৱকে নৈত জঁপিয়াই প্ৰাণ দিয়াৰ চেষ্টা কৰে। ইমানে নহয় বহু প্ৰতিবাদকাৰীয়ে মুণ্ডন কৰে।  

মহাৰাষ্ট্ৰৰ মাৰাঠাৰ ঘাটি মৰাঠৱাৰাত সকলোতকৈ বৈছি প্ৰতিবাদৰ ফলত উত্তেজনাই বিৰাজ কৰে। মৰাঠৱাৰাত স্কুল আৰু কলেজ বন্ধ কৰি দিয়ে। ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়ান কৰা হৈছে। ইয়াৰ লগে লগে মাৰাঠৱাৰা, ওছমানৱাদ আদি এলেকাত নিৰাপত্তাৰক্ষী মোতায়ান কৰা হৈছে।

মঙলাবেৰ পুনৰ এগৰাকী প্ৰতিবাদকাৰীয়ে আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে। মহাৰাষ্ট্ৰৰ নাণ্ডেড জিলাৰ ৩৮ বছৰীয়া লোকে পুনৰ আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে। মুম্বাই চহৰৰ পৰা ৫৭০ কিঃ মিঃ নিলগৰ নাণ্ডেড জিলাৰ ধাবাদ নামৰ গাঁৱৰ কাচৰু কল্যাণ নামৰ লোক জনে নিজৰ ঘৰতে ফাঁচী লগাই আত্মহত্যা কৰে। 

মৃতদেহৰ সমীপত উদ্ধাৰ হোৱা চুচাইড নোটত উল্লেখ কৰা মতে, মই মাৰাঠাৰ সংৰক্ষণৰ দাবীত মোৰ নিজক জীৱন শেষ কৰিছোঁ। আৰক্ষীয়ে চুচাইড নোট সন্দৰ্ভত তদন্ত অব্যাহত আছে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ পৰিয়ালক গতাই দিয়াৰ অন্তত শেষকৃত্য সম্পন্ন কৰে।

এইটো আত্মহত্যাৰ ঘটনা সহ এতিয়ালৈ ৫গৰাকী লোকে প্ৰাণ হেৰুৱালে। ঔৰাংগাবাদৰ এগৰাকী লোকে আত্মহত্যা কৰিছিল। ঔৰাংগাবাদৰ প্ৰমোদ হৌৰেয়ে দেহত পেট্ৰল ঢালি অগ্নিসংযোগ কৰি আত্মহত্যা কৰিছিল।