newsnextone.com | ওৰাংঃ মাংস আৰু চুলাই মদৰ বাবে এগৰাকী লোকক হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ওদালগুৰি জিলাত৷ ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ফুহুৰাবাৰী গাঁৱৰ মণিৰাম গৌড় নামৰ লোকজনক পথাৰত হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ ইতিমধ্যে অভিযুক্ত নৰেন গৌড়, নন্দু গৌড়, লখিয়া গৌড় আৰু ভাগৰথী গৌড়ক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ শনিবাৰে পুৱাই লোক কেইজনক আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে৷
জানিব পৰা মতে, ফুহুৰাবাৰী গাঁৱৰ মণিৰাম গৌড় নামৰ লোকজনৰ বাৰীত ১০ মে’ত এটি তেজাল খাহী সোমাই বাৰীৰ গছ-গছনিৰ পাত খাই ক্ষতি কৰে৷ তেনে সময়তে তেজাল খাহীটো ধৰে আৰু ঘৰৰ ভিতৰত আৱদ্ধ কৰে মণিৰামে৷ খাহীৰ লোভ সামৰিব নোৱাৰি খাহী হত্যা কৰি খোৱাৰ বাবে পৰিকল্পনা কৰে৷ আবেলি খাহীটোক মাৰি কাটি-বাচি মাংস সাজু কৰে৷