Home ৰাজ্যআৰক্ষীৰে সংঘৰ্ষত এজন এন ডি এফ বি সদস্য নিহত

আৰক্ষীৰে সংঘৰ্ষত এজন এন ডি এফ বি সদস্য নিহত

by News Desk
49 views
A+A-
Reset

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ কাৰিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত নতুন বাশবাৰীত কোকৰাঝাৰ আৰক্ষীয়ে চলোৱা এক অভিযানত এগৰাকী এনডিএফবি (সং) সদস্য নিহত হৈছে। উক্ত সংঘৰ্ষত এগৰাকী আৰক্ষী কনিষ্টবলো আহত হয়। নিহত এনডিএফবি সদস্যজনক কোকৰাঝাৰ জিলাৰ পাটগাঁওৰ  ১১ নং মালিগাঁৱৰ জানিমুন বসুমতাৰী ওৰফে বি. জুংডাও বুলি চিনাক্ত হোৱাৰ বিপৰীতে আহত আৰক্ষী কনিষ্টবলগৰাকী উপ পৰিদৰ্শক ৰামচৰণ ৰাভা বুলি আৰক্ষীয়ে সদৰী কৰিছে।

কোকৰাঝাৰ আৰক্ষীয়ে কালি নিশা নতুন বাশবাৰীগাঁৱৰ এঘৰত উগ্ৰপন্থী সদস্যই আশ্ৰয় লৈ থকাৰ তথ্য এক বিশেষ সূত্ৰ অনুসৰি লাভ কৰে। সেইমতে আৰক্ষীয়ে মাজনিশা গৈ নিদিষ্ট ঘৰটো চাৰিওপিনৰ পৰা ঘেৰি ধৰি উগ্ৰপন্থী সদস্যসকলক আত্মসমৰ্পন কৰাৰ আহ্বান জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0