68
মাজুলীঃ ফেচবুকতে ‘সদৌ মহাবীৰ ফৌজ অসম’ চমুকৈ ‘উম্ফা’ নামৰ এটা সংগঠন গঠনৰ কথা কৈ গ্ৰপ্তাৰ হ’ল এজন কলেজীয়া ছাত্ৰ। স্বাধীন অসমৰ কথা কৈ দীৰ্ঘদিন ধৰি ফেচবুকত পোষ্ট আপডেট দি আহিছিল এই ছাত্ৰজনে।
মুন অসম নামত থকা ফেচবুক একাউণ্টটোৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসম বিৰোধী আখ্যা দি পিছ পিছকৈ কাটিম বুলি লম্ফ-জম্ফ কৰা এই ছাত্ৰজনৰ প্ৰকৃত নাম মনোৰঞ্জন বৰুৱা।