মিছামাৰীঃ এফালে শিক্ষা মন্ত্ৰীয়ে বজাইছে শৈক্ষিক উন্নয়নৰ ঢাক-ঢোল, আনফালে ৰাজ্যত এতিয়াও চলি আছে এজনীয়া শিক্ষকৰ পাঠদান৷ অলপতে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী শিক্ষা খণ্ডত শিক্ষাৰ মান উন্নত কৰাৰ অৰ্থে হাজাৰ হাজাৰ টেট শিক্ষকক নিযুক্তি প্ৰদান কৰে৷ যাৰ ফলত ৰাজ্যৰ বহু শিক্ষানুষ্ঠানত চলি থকা শিক্ষকৰ অভাৱ দূৰ হয়৷
কিন্তু শিক্ষামন্ত্ৰীৰ হাজাৰ টেট শিক্ষকৰ নিযুক্তিৰ পাছতো এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো শিক্ষানুষ্ঠান চলি আছে এজন শিক্ষকৰ পাঠদানেৰে৷ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত আৰু বৃহত্তৰ মিছামাৰী অঞ্চলৰ শিয়ালমাৰী বঙালগাওঁ প্ৰাথমিক বিদ্যালয় খন ২০০৪ চনত স্থাপন হোৱাৰ পাছত আৰম্ভণিতে বিদ্যালয় খনত চাৰিজনকৈ শিক্ষকে পাঠদান কৰি আছিল৷